অ’ সৰু ভনীটি, মূগা-ৰিহা পিন্ধিলি

লাহটি খোপাতে কপৌফুল গুজিলি

দেখি মৰম লাগি যায়, হাই দেখি মৰম লাগি যায়

 

মনৰে চাপৰিত কহুঁৱা ফুলিছে,

বৰ পথাৰতে ঐ পেঁপাটি বাজিছে,

লিহিৰি গগঁনাই তোকে ঐ ৰিঙিয়াই

লিহিৰি গগঁনাই মোকে ঐ ৰিঙিয়াই

চেনাই ধন চেনাই ধন তোৰে মান শুৱনি নাই - ২

 

সৰু পথাৰতে অ’... কোনে শিঙা-পেপাঁ বজালে

কোন্ নো বিহুৱাই অ’ ... জান ঐ ৰিঙা ৰিঙা কৰিলে

গড় গঞাঁ নাচনীৰ মন

পাখি লগা গাভৰুৰ মন

মৰমৰ দিখৌ নৈত সাতুৰি আহিলো

চেনেহৰ ভোগদৈত ডিঙৰা মেলিলো

অ’ দিহিঙে দিপাঙে ল’ৰি ফুৰিলো - ২

 

চেনাই ধন চেনাই ধন তথাপি নেপালো তোক - ২

 

অ’ সৰু ........

অ’ ভনী অ’ ....... অ’ ভনী অ’ .......